Xunyo ( শূন্য ) Lyrics | Kool-D & Zupiter | Assamese Rap | Assamese Song Lyrics
Rap vocal & Lyrics - Kool-D
Music production & Mix / mastering - Zupiter Additional supporting vocal - Notxofar
XUNYO SONG LYRICS
মই চাব খোজোঁ এনে এক ঠাই য'ত ,
নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don't wanna chase anything cause ,
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
মই চাব খোজোঁ এনে এক ঠাই য'ত ,
নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don't wanna chase anything cause ,
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
মই চাব খোজোঁ এনে এক ঠাই য'ত ,
নাই মই আজি আৰু নাই মোৰ ঠিকনা ।
কোনোমতে মাথোঁ আছোঁ জীয়াই ,
মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা ।।
চিনাকি বহুত চিনাকি অযুত ,
সহায়ৰ হাত লাগে যদি চিনাকি মজুত ।
পিছে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে ,
হৃদয়ত দেখোঁ কিয় অচিনাকি মোক ।।
অনাই বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুৱা বাটৰ দিশ ।
যুঁজিছোঁ কিয় মই নিজৰে লগতে , আচলতে এটা সাঁথৰ ই ।
বিচৰা নাই মই চিনাকি চেহেৰা , যাবলৈ খুজি মই আঁতৰি ।
নিজৰে মাজতে মগন , আজি মোক নালাগে কাৰোৰে বাতৰি ।।
নিজেই নিজৰ শত্ৰু মই সঁচা মহাপাগল ।
বৰ্ষাৰ নহয় পানী , এইয়া চকুৰে অহা জাগল ।
টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ ,
মই ডুবিযাব খোজোঁ আজি লাগিছে বৰ ভাগৰ ।
মই কব খোজোঁ বহুকথা বুকু ফালি ।
পিছে আৱেগবোৰ থমকি ৰয় দুকুঠালিত ।
তাতে বহোঁ আৰু সময়বোৰ জুখোঁ বালিত ।
বৈ যোৱা নৈ আৰু লোৱা তাতে মোকো ঢালি ।।
মই কব খোজোঁ বহুকথা বুকু ফালি ।
পিছে আৱেগবোৰ থমকি ৰয় দুকুঠালিত ।
তাতে বহোঁ আৰু সময়বোৰ জুখোঁ বালিত ।
বৈ যোৱা নৈ আৰু লোৱা তাতে মোকো ঢালি ।।
ধূলিকণা মইও মোৰো নো কি চিন-চাব,
ফোঁপোলা জীৱন ইয়াত মৰে মানুহ চিন্তাত ।
আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ ,
আকাশত চুই হ'ব খোজোঁ বিলীন তাত ।।
ধূলিকণা মইও মোৰো নো কি চিন-চাব,
ফোঁপোলা জীৱন ইয়াত মৰে মানুহ চিন্তাত ।
আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ ,
আকাশত চুই হ'ব খোজোঁ বিলীন তাত ।।
নাম , যশ , অভিলাষ আৰু ফেনেকা ধন ।
আৱেগত আছোঁ উটি আজি সেমেকা মন ।।
মানুহলৈ লাগে ভয় কিয় নাজানোঁ মই ,
লগ বুলিবলৈ আছে মাথোঁ নেদেখা জন।।
জীৱন যুদ্ধত চিপাহী মই নাম কটা ,
জ্বলিছে জুই মনত অলপো নাই সামকতা ।
নিথৰ মনে কৰে ভাগৰুৱা প্ৰশ্ন মোক ,
ক'ত যাম আজি ক'ত বাৰু পাম সকাহ ।।
মই চাব খোজোঁ এনে এক ঠাই য'ত ,
নাই মই আজি আৰু নাই মোৰ ছাঁয়া ।
I really don't wanna chase anything cause ,
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া ।।
দুদিনৰ ঢৌ নালাগে মোৰ বাৰ্তা হওঁক আজীৱন ।
মনে যদি কান্দে তাতে কবিতাবোৰ সাজিলম ।।
বিচৰাবোৰ পালোঁ পিছে উকা চোন আজি মন ।
কব যি মনে আজি তাকেই মই মানি লম ।।
মই হালি পৰা গছ আজি শুকান মোৰ গছপাত ।
সেউজৰ সপোনবোৰ হেৰালে অকস্মাৎ ।।
আহিলা বেছি জীৱন পেলনীয়া বস্তাত ।
মই থমকি লৈ দেখোঁ নিজক মৰহি অৱস্থাত ।।
যুদ্ধখন নিজৰ লগত আক্ষেপ নাই কাৰো প্ৰতি ।
নিজকে মই সাৱটি লম কষ্ট হয় আৰু যদি ।।
বিষাদ এটা কলা, মই নিজে চাগে তাৰো প্ৰতীক ।
আগবাঢ়ক সকলো মই হেঙাৰ নহওঁ কাৰো গতিত ।।

(Lyrics4assam)
Comments
Post a Comment
Thanks. (Contact us on Facebook https://facebook.com/Lyrics4Assam )